ডিজিটেল সংবাদ, ধেমাজিঃ কেন্দ্ৰীয় জনজাতি দপ্তৰৰ মন্ত্ৰী জুৱেল ওৰামে ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ শেহতীয়াকৈ দিয়া বিতৰ্কিত মন্তব্যকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অসমৰ ছয় জনগোষ্ঠীয় সংগঠনৰ । কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ এনে মন্তব্যৰ প্ৰতিবাদত বৃহস্পতিবাৰে ধেমাজি জিলা আটাছুৱে ধেমাজি জিলা সদৰত জুৱেল ওৰাম আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰে ৷
ধেমাজি জিলা তাই আহোম ছাত্ৰ সন্হাৰ সম্পাদক পংকজ বৰগোহাঁইৰ নেতৃত্বত আটাছুৰ প্ৰায় এক শতাধিক কৰ্মীয়ে প্ৰতিকৃতি দাহৰ সমান্তৰালভাৱে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ। আটাছুৰ কৰ্মীসকলে কেন্দ্ৰীয় চৰকাৰ হায় হায় , অসম চৰকাৰ হায় হায় , কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম মুৰ্দাবাদ , আমাক এচ টি কৰিবই লাগিব , ন'এচটি ন'ৰেষ্ট , ছয় জনগোষ্ঠী জাগিছে জাগিবই , আমাক কৰা শোষণ নীতি বন্ধ কৰক , আমাৰ দাবী ন্যায্য দাবী , জনজাতিৰ মৰ্যাদা আমাৰ প্ৰাপ্য ইত্যাদি শ্লোগানত এক প্ৰকাৰে কঁপি উঠে প্ৰতিবাদস্হলী ৷
ইফালে এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ সদৌ অসম তাই আহোম ছাত্ৰ সন্হাৰ কেন্দ্ৰীয় সমিতিৰ উপ -সভাপতি মনোজ গগৈয়ে দীৰ্ঘদিনধৰি দুয়োখন চৰকাৰে জনজাতিকৰণ কৰাৰ নামত ছয় জনগোষ্ঠীক ৰামঠগন দিয়াৰ কাৰ্যক তীব্ৰ সমালোচনা কৰে আৰু এই ক্ষেত্ৰত কেন্দ্ৰীয় জনজাতি দপ্তৰৰ মন্ত্ৰী জুৱেল ওৰামে কৰা অদ্ভুত মন্তব্যক কঠোৰ ভাষাৰে গৰিহণা দিয়ে ৷
নেতাজনে অসমৰ প্ৰতিখন চৰকাৰে আহোমকে ধৰি ছয় জনগোষ্ঠীক প্ৰতাৰণা কৰি অহা বুলি অভিযোগ কৰি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক শেষ সকীয়নি প্ৰদান কৰে ৷ আটাছুৰ শীৰ্ষ নেতাজনে কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ আগন্তুক ২০২৬ ৰ নিৰ্বাচনত প্ৰদান কৰা হ'ব বুলি স্পষ্ট ভাষাৰে হুংকাৰ দিয়ে ৷ তেওঁ কয় বিজেপি চৰকাৰখনক উচিত উত্তৰ দিবই লাগিব ৷
তাৰ বাবে এতিয়াৰ পৰা আটাছুৱে ককাঁলত টঙালি বান্ধিছে আৰু আহোম জনগোষ্ঠীটোক কৰি অহা প্ৰতাৰণাৰ ফল দিবলৈ এক প্ৰকাৰে সাজু হৈছে আহোম জনগোষ্ঠী লোকসকল ৷ উল্লেখযোগ্য যে আজিৰ প্ৰতিবাদে আগন্তুক সময়ত জনজাতিকৰণক লৈ যে পুনৰ ছয় জনগোষ্ঠী সংগঠনসমূহে ৰাজ্যত উত্তাল পৰিৱেশ সৃষ্টি কৰা সম্ভাৱনা হৈ উঠিছে ৷